পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

জোৰোণ

উৰুলিৰ তলেৰে পাৰ হ’লো

আয়তীয়ে চটিওৱা সুৰৰ লেছেৰী গাঁথাত
আবেগৰ এক অচিন ঢৌ

ঢৌৰ সিপাৰে সাগৰ, ন-জীৱনৰ সাঁথৰ
কৃষ্ণ গোঁসাই আহিছে
ৰুক্মিণীৰ লাজত ৰাধা চূড়া ফুলিছে

গুণ-গুণণি, হৃদয়ৰ কথা বতৰা
গোপন প্ৰেম বোৰ আজি বা-মাৰলী হৈ উঠিছে

উৰুলিৰ তলেৰে পাৰ হ’লো
দীঘল সাঁকো এখনত উঠি
হৰি ধ্বনি এটা জুৰিলোঁ

সেউজীয়াৰ দৰে / ৬১