পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

এজাক বৰষুণতে

এজাক বৰষুণতে অভিমান ভাঙি তেওঁ প্ৰেমৰ
দেবতা হ’ল

নিঃস্বতাৰ আৰু বহু তলত
তেওঁৰ চপৰা-চপৰে
খহি পৰা জীৱন

তেওঁ হাত পাতি সাৱটি ধৰা বুকুখনৰ
কামিহাড়ত
শীতৰ লহৰ, গম নোপোৱা কৈ তেওঁৰ খোজৰ তলেৰে বৈ
যায় এখন অৰ্বাচীন নৈ

এজাক বৰষুণতে অভিমান ভাঙি
তেওঁ দি যাব খোজে
এবুকু সেউজীয়া আৰু এজাক চৰাইৰ কোৰ্হাল

সেউজীয়াৰ দৰে / ২৪