পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

শিল্পী

নাঙলেৰে দুফাল কৰি মাটি বোৰক
নাৰীৰ ৰূপ দিয়া
সেইবাবেই তুমি শিল্পী

কাঁচি-দা-কোৰ-কলম-তুলিকা-হাতুৰী
তোমাৰ জীৱনৰ অন্তৰঙ্গ সাক্ষী

তুলিকাৰে তুমি মানুহৰ আকাশ খনক নীলাৰ পৰা
ঘন সেউজীয়া কৰা
কলমেৰে তুমি জীৱনৰ তোৰণ সাজা
সাগৰৰ উৰ্মিমালাৰ সতে তোমাৰ কবিতাই
ফেৰ মাৰি
মুকুতা তুলি আনে শব্দৰ চামুচেৰে

সেইবাবেই শিল্পী তুমি অনন্য
তোমাৰ গানৰ উষ্মতাত ভৰপক দিয়ে
আমাৰ চেঁচা যৌৱন

সেউজীয়াৰ দৰে / ৪১