পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

চিত্ৰপট

তোমাৰ নীলা পালতৰা চকু হালিৰ উৰ্মিমালা বোৰ
আঁকিব নোৱাৰো
পাৰলৈ ঠেলি আনে মোৰ সমগ্ৰতাক
জোৱাৰ বোৰক
টুকিব নোৱাৰো তোমাৰ বুকুৰ পৰা

আকুলতাৰ উশাহে মোক
বুৰাই ৰাখে

মৌনতাৰে পুণৰ চিত্ৰপট খনি উলিয়াওঁ
বিৰিঙি থকা তোমাৰ
ৰং বোৰে
আঙুলিৰ পৰা কলিজালৈকে মেৰিয়াই ধৰে
উকা হৈ থাকে চিত্ৰলেখাৰ
চিত্ৰপট...............

সেউজীয়াৰ দৰে / ৩১