পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অচিন শোকত নৈ

অচিন শোকত নৈ খনে আৰু ঢৌ-ফুল নুগুঁঠে
বালিচৰত বহি
উভতি নাচায় নিজৰ খোজ

তিৰ্‌বিৰ্ আইনাত
জল্-ম্‌ল মুখ খনিৰ চিটিকি পৰা প্ৰভা

শৰালি জনীয়ে সাঁচতীয়া কৰি ৰাখিছে বুকুত এই নৈৰ দুখ
জাৰে-জহে মমতাৰ ঘৰ
ইয়াতে মেলি দিয়ে পোনাহঁতৰ সপোন-নাও

কিছুদিন হ’ল নৈৰ বুকুত
ৰুই দিছে কোনোবাই বিহ্‌ মেটেকাৰ পুলি
ৰক্ত ছুৰিকাঘাতত
দুফাল হৈ পৰিছে- মায়াময় নৈৰ গৰ্ভ

সেউজীয়াৰ দৰে / ১৭