পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

নৈ

ভাল পোৱা নৈখন

দেশ-কাল জুৰি বৈ বৈ
সোঁৱৰণিৰ পাত খিলা বুকুত সাৱটি
কৰবাত হেৰাই যায়

আৰু এখন নৈ গজি উঠে
আঁহফলা বুকুৰ পানী গছাত

সন্তৰ্পনে টুকি আনো
নৈখনৰ না
পূৰ্বপুৰুষৰ আত্মজ ঠিকনাৰ লানি নিচিগা টৌ

বিচাৰি ফুৰিছোঁ চিনাকি সুঁতিটো
ক'ত আছিল - ক’ত আছিল ভাল পোৱাৰ
প্ৰাচীন মুদ্ৰাবোৰ........

সেউজীয়াৰ দৰে / ৪০