পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

উভতি যোৱা বাটেৰে

উভতি যোৱা বাটেৰে তেওঁ বেলিটো সাঁচি নিয়ে

ৰাতি জোনৰ সতে
সলনি কৰি
এগাল নিমখ ভাতেৰে নিশ্বাস উৰুৱাই
পাঠ কৰে জীৱনৰ এখিলা-দুখিলা

বাঢ়ি অহা তাৰ
একেটি ল’ৰা-তাৰেই হাতত এছাৰিডাল
গুজি দি
দীঘল হুমুনিয়াহ এটা কাঢ়ি সি কয়
বোপা নেৰিবি নেৰিবি এইডালেই
পিতায়েৰৰ শেষ সম্বল

সেউজীয়াৰ দৰে / ৪৯