পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

চাংঘৰ

প্ৰেমেৰে নুৰিয়াই নুৰিয়াই গুঠিছা তোমাৰ চাংঘৰ
বিশ্বাসৰ পীৰাখনত বহুৱাই
এচলু এচলুকৈ ঢালি দিছা তোমাৰ কৃষ্টি
আত্মহাৰাত পাৰ ভাঙি যাওঁ যাওঁ
হৃদয়ৰ অলেখ ডঁৰিক-দিকচৌ

অসীম দিগ্‌বলয়ত হেৰাই যোৱা
জীৱন হেঙুলীয়া ডাৱৰবোৰ-তোমাৰ চাংঘৰত
সংগোপনে লিপিট খাই শুই আছে

তাৰেই পৰা বুটলি লওঁ
চিক্ মিকাই থকা বালিৰ মাজৰ ৰূপালী জোন
পাহৰি যোৱা খিনিৰ পৰাই আৰম্ভ কৰো কবিতা
অনুৰাগ প্ৰবল তোমাৰ এই চাংঘৰৰ বতাহ
সাঁচতীয়া টোমৰ মাগুৰি শালি যেন
তোমাৰ বুকুৰ
এই ভৈৰৱী স্পন্দন

সেউজীয়াৰ দৰে / ৫২