পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

দুখৰ বিনিময়ত সুখ দি যাওঁ

গোটেই ৰাতি ভোজৰ পটুৱা বোৰ কান্ধত তুলি নি
নৰ্দমাত পেলালো

গোটেই ৰাতি গোটেই দিন
পিয়াহৰ পানী বিলালো

তোমালোকৰ বাটটো ৰং-অভিমানৰ দৌল
মোৰ পিঠিৰ ওপৰেৰে
পাৰ কৰিলোঁ
নিমখ-দাইল, লাগেজ-ছোফাছেট্‌

কি নকৰো তোমালোকৰ সুখৰ বাবে
কি দিয়া মোক তাৰ বিনিময়ত
দুখৰ বাহিৰে

সেউজীয়াৰ দৰে / ৩৮