পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পূৰ্ণিমাৰ ৰাতি

ডাকোৱাল জোনটো আহি
কদম জোপাত উঠিছে

ফেৰেঙনিৰ ফাঁকেৰে জুমি জুমি
এখনি ভৰুণ মুখ
নৈৰ পাৰৰ ঝাওনিৰ ঢৌৱে ঢৌৱাই থকা
আলোকিত হৃদয়

এনে পূৰ্ণিমাৰ ৰাতিতেই বিচাৰি পোৱা যায়
প্ৰাণময় বাঁহীৰ সনাতন
য’ত জীৱনটোক টিয়াই ল’ব পাৰি
খন্তেকৰ বাবে

খুলি থ’ব পাৰি দুখ নামৰ আৱৰণখনিক
এখন খিৰিকীৰ পৰ্দাৰ দৰে

সেউজীয়াৰ দৰে / ১৫