পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বান্ধৱ

বহু শতিকা জুৰি আহি আহি যেন তেওঁ
মোৰ পদূলি মুখত

তেওঁৰ হাতত ভগ্ন ফুলদানি
চিটিকি পৰা ফুলৰ তেজ
মৃত্যুৰ কিৰিলিৰে ভৰা এখন দস্তাবেজ
ভয় আৰু শংকাৰ নিঠৰ দিনলিপি

কাণ উনাই দূৰণিলৈ আৰু দূৰণিলৈ
প্ৰসাৰিত কৰিছিলো মোক
জানোচা তেওঁৰ পদধূলাৰ কৃপাঞ্জলিয়ে
পাৰ কৰায়
এই ভৱ সাগৰ

গোপনে-সংগোপনে আহি
তেওঁ মোৰ পদূলি মুখত যেন বহু শতিকাৰ শেষত
এমুঠি তেজাল প্ৰতিশ্ৰুতি

সেউজীয়াৰ দৰে / ৩৬