পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বসন্ত যাপন

আহুধানৰ পথাৰত মোৰ আশাৰ চপৰা
ভাঙি চিঙি গুৰি কৰো
কৃষ্টিৰ বীজ সিঁচি ঐনিতম এফাকি গাওঁ
দূৰৈৰ পাহাৰৰ ধোঁৱাত
ঝুম খেতিৰ গোন্ধ
ল'ৰালিটোক ম'হৰ পিঠিৰে বোৱাই অনা সমীৰত
একেটাই গোন্ধ
কোনো ব্যাকৰণ নমনা তোমাৰ ৰূপৰ জুৰিত মই নতজানু
আছিলো

নাহৰে তৰা সিঁচি দিয়া বাটটোৰে মই বিচাৰি যাওঁ
তুমি য’ত থাকা মাটিৰে একাত্ম হৈ
তাতেই মই যাপন কৰো বসন্তৰ ৰাতি

সেউজীয়াৰ দৰে / ৩৭