পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

চিঠি

মেঘৰ সুৰুঙাৰে
ৰ’দৰ চিঠি

আহু ধান পকিছে হুৰাই দিওঁগৈ আহ
মমতাৰ চৰাই

প্ৰেমৰ হাতেৰে লালন কৰা
মোৰ ধান
নাখাবি নাখাবি-নিচিঙিবি কলিজাৰ ফুল

চৰাই জাকে জানে
চিঠিৰ খবৰ
সেই বাবেই উৰি উৰি জাননী বিলাই
সিহঁতৰ
চাং ঘৰ বান্ধিবৰ হ’ল.........

সেউজীয়াৰ দৰে / ৫৪