পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পত্ৰ

সেউজীয়া পত্ৰৰ তলৰ ভৰা জোনটোৱে
ভূমুকিয়াই চায়
চেঁচা শিল হৈ পৰা মোৰ আঙুলি কেইটালৈ

তাহানিতে লিখা ধোঁৱা বৰণীয়া পত্ৰখনৰ লেফাফাত
প্ৰেয়সীৰ ভুল ঠিকনা
যাৰ বাবে ৰৈ গ’ল মোৰ বুকুৰ ডাকত
নিঃসঙ্গতাকে সাৰথি কৰি

বতাহত পত্ৰখন কঁপি থাকে
ঘন সেউজীয়া হৈ পৰে বৰষুণ নিগৰিলে
ভৰা জোনটোৰ জেউতিৰে তিৰবিৰাই উঠে
অকলশৰীয়া আকাশ খন

সেউজীয়াৰ দৰে / ১৮