পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মাটি

এই মাটিয়েই মোৰ আই
চিকুণাই লওঁ দীঘল উপত্যকা

লৃগাং পাতো
হুৰুম বান্ধি পথাৰলৈ যাওঁ

হুৰাই দিয়া কলিজাৰ গানবোৰ আহি
আখৈ ফুটে মোৰ বুকুত

অগা-দেৱা কৰে পানচৈ ঘাটেৰে
তোমাৰ -মোৰ পলসুৱা সময়

সেৱা এটি কৰা আইক
ৰণলৈ বুলি যাওঁ

নাঙলৰ সীৰলুতহে যদি গজি উঠে জীৱন

সেউজীয়াৰ দৰে / ৪৫