পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

আহিনৰ স্তৱক

পুৱাই আহি বালিমাহী জনীয়ে কলে
হাত পাতি লোৱা
সমগ্ৰ আহিন

হাত নহয় বুকু পাতি ললো
ফৰকাল আকাশৰ নীলিমাত
মুখ গুজি
সুগন্ধিত হ’লো

নৈৰ নিৰ্মলতাত চুলি মেলি কঁহুৱাৰ সুহুৰি
সন্তৰ্পনে হৃদয়ৰ খিৰিকী খুলি
সুমুৱাই লৈছো শুভ্ৰতাৰ গান

আস্ অ’ মোৰ শৈশৱৰে পথাৰ
চুই চাওঁ বুলি চুব নোৱাৰো
তোমাৰ ওঁঠৰ
কেঁচা আহিন......

সেউজীয়াৰ দৰে / ২০