পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

শীতৰ স্তৱক

কুঁৱলীৰ জখলাৰে নামি আহিছে শীত

হেঁপাহৰ জুপুৰীটোত
উখল-মাখল ধোঁৱাৰ কুণ্ডলী

আখলৰ উত্তাপেৰে এঙেৰুৱা কলিজাটো তপতাই আকাশলৈ
চাই ৰমলা বাই

বালিত পোত গৈ থকা পথাৰ খনে
ৰিঙিয়াই মাতে
কৰবাৰ পৰা উৰি আহে চিঞৰ এটা
তাইৰ বুকুৰ পৰা যে
খহি পৰিছিল আঁচলৰ ধন

শীতৰ ছন্দত নাচি উঠা ৰাতিটোৱে
ৰমলা বাইৰ বুকু খনিক
বৰকৈ কঁপায়

শীৰ্ণ হৈ পৰা কলিজাৰ ভিতৰলৈ সোমাই যায়
লাহে লাহে শীতৰ অতনু স্তৱক

সেউজীয়াৰ দৰে / ১৪