পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ফুটপাথ

ফুটপাথত সদায় জন্ম পাওঁ
আৰু ফুটপাথৰ যন্ত্ৰণাবোৰ কঢ়িয়াই লৈ ফুৰো
বুকুত এটা পেচমেকাৰ
সুমুৱাই লৈ ফুৰাদি

তোমালোকৰ পদূলিৰে ধূলি উৰুৱাই গুচি যাওঁ
ধূলিবোৰত ফুটপাথৰ কেঁচা গোন্ধ উৰি ফুৰে

তোমাৰ পঢ়া কোঠাৰ আইনাবোৰত
ডাঠ চামনি বান্ধি
সেউজীয়া হৈ পৰে ফুটপাথৰ ধূলি

কোলাহলৰ মাজৰ পৰা নিৰ্জনতাৰ গভীৰলৈ
লৈ যাব বিচাৰো
ফুটপাথত আঁৰি থ’ব বিচাৰো
এটা যন্ত্ৰণাৰ কবিতা

সেউজীয়াৰ দৰে / ৩৩