পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ঈৰ্ষা

ঈৰ্ষাত ছাই হৈ যোৱাকৈ
তেওঁ মোক জ্বলাইছে।

এঙেৰুৱা হাত দুখন
কোৰ খনলৈ পোন কৰি মেলি দিছো
বনুৱাৰ জীৱন

সিপাৰলৈ হাত মেলিলেও নাপাও ঢুকি
পিছল নদী
হাত দুখন মাথো জ্বলে-ঈৰ্ষাত জ্বলাই দিয়ে বেলিয়ে
কাৰণ উন্মুক্ত হাত আৰু শৰীৰ মেলি

পথাৰত চুই থাকো সেউজীয়া মাটি

সেউজীয়াৰ দৰে / ১৩