পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

সৰাপাত

সৰাপাতৰ ভাঁজত হেৰাই যায়
নখে মাটি লেখা
অনিৰুদ্ধৰ চিত্ৰ

চিত্ৰলেখাইহে চিনি পাই সৰাপাতৰ ভাঁজ
নিমিষতে আঁৰি দিয়ে
ঊশাৰ চকুৰ পতাত - স্বপ্নাতুৰ আলোকময় প্ৰেমিকৰ ছবি

সৰাপাতনো কি
এটা বুৰ যোৱা সপোনৰ ভগ্নাংশ
চিঙি যোৱা এডাল এনাজৰীৰ
টুকুৰা-টুকুৰ বিশ্বাস-প্ৰেম

আমি যোৰা দি দি যি সাঁকো গঢ়ো
খহি পৰে সাঁকো এদিন
সৰাপাতৰ দৰেই সকলোৰে এক নিৰুদ্বিগ্ন যাত্ৰা.........

সেউজীয়াৰ দৰে / ৪২