পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

চোলা

মোহন কাইটিয়ে চোলাটো পিন্ধে
নহ'লে যে
কেট্‌-কেট্‌ কৈ কামিহাড় কেইডালে
ডিঙি মেলি চাই থাকে আকাশ

কাহানিবাই একুৰি টকাত ঘটা নিলামী চোলাটো
দিনক-দিনে
মলঙিছে, তথাপি পিন্ধে-শাওঁনৰ ৰ’দত
চিৰাল ফাট দিয়া মাটিৰ দৰে চিৰা-চিৰ হৈ পৰা চোলাটো
পিন্ধি
গোটেই ৰাতি ফুঁৱাই থাকে শীতৰ একুৰা জুই

অলেখ ফাগুণ ধুমুহা হৈ উৰি যায়
কামিহাড়ৰ ফাঁকেৰে সজীৱ হৈ উঠে নতুন সপোন

নতুন চোলা এটাৰ প্ৰস্তুতিত
নামি পৰে পথাৰ-নদী-অৰণ্যৰ কুণ্ডত

মোহন কাইটিৰ এখন চালি, ধোঁৱাই থকা এটা চৌকা
আৰু জ্বলো–নজ্বলো চাকিৰ পোহৰত
ক্ৰমশঃ তাৰ বিৱৰ্তনৰ চাকনৈয়া

সেউজীয়াৰ দৰে / ৬৩