পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

কলাজ

ঈশ্বৰ ধুনীয়া বাবেই
সোমাই থাকে
ভিতৰত

আগলতি পাতৰ
নিয়ৰত
প্ৰেমৰ মুদ্ৰা এটা দি
পুণৰ ভিতৰলে
সোমাই যায়
ঈশ্বৰ

ঈশ্বৰ লাজকুৰীয়া বাবেই
নিৰাকাৰ................
ঈশ্বৰৰ কোনো ঠিকনা নাই
সেইবাবেই
ঈশ্বৰে বাস কৰে
প্ৰত্যেকৰে
হৃদয়ত

ঈশ্বৰ ধুনীয়া বাবেই
সোমাই থাকে
সকলোৰে হৃদয়ত

সেউজীয়াৰ দৰে / ৪৪