পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পথাৰ

উত্তাপৰ প্ৰখৰতাত
ফাঁট মেলা ঘাঁ দোখৰ দেখিও নামি নাহে
মেঘ ৰঞ্জনী

আস্ মোৰ নাঙলৰ সীৰলুৰ
নিঃশব্দতাত
পিয়াহৰ যন্ত্ৰণা

হেঁপাহৰ শালি গোছাত জুই ফিৰিঙতিৰ গোন্ধ
কেনেকৈ যাওঁ
তোমাৰ কাষলৈ-বতাহত যে উৰি ফুৰিছে এতিয়া
খঙাল বতৰ

সেউজীয়াৰ দৰে / ৫৮