পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

চৰাই

শুকান পাত এটি হৈ
পৰি থাকিম

ওপৰেৰে ফাগুনৰ প্ৰগাঢ়তা আৰু
তোমৰ চঞ্চলতা

হেৰাই যোৱা দিনবোৰৰ
সোঁৱৰণিত
ফুলেৰে সজাবা মোৰ বাটৰুৱা পদূলি

অ' মোৰ চিকুণ চৰাইটি
মাজৰাতিৰ তোমাৰ প্ৰেমৰ গানত
ফুল কোঁৱৰ হৈ
উৰি যাম-উৰি গৈ গৈ ন সাজ পিন্ধাম
তোমাৰ চুবুৰিৰ
অৰুন্ধতী ফুল কুঁৱৰীক.......

সেউজীয়াৰ দৰে / ৩৯