পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

কিতাপ

কিতাপে শুব নোৱাৰে ৰাতি ৰাতি

সপোন ঘুমটি............
কবিৰ প্ৰেমৰ সুগন্ধি নৈত নামি
কিতাপ কুঁৱৰী হয়

আকাশৰ সাজ পিন্ধি উকিয়াই-উকিয়াই
কেতেকীৰ মাতে মাতে

বনগীত এটাৰে গৰখীয়া হৈ
গধূলি গোপাল চিঙে

কিতাপে শুব নোৱাৰে
চুব নাপায়
চাউল
পানী-জুই
বৰ্ণমালাৰ পথাৰ এখনহৈ কিতাপে জন্ম দিয়ে
নতুন এটা প্ৰজন্মৰ

সেউজীয়াৰ দৰে / ৪৭