সমললৈ যাওক

পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

শৈশৱৰ এবুকু মিঠা

শৈশৱৰ এবুকু মিঠাৰে আমৰঙা বেলি এটা হৈ
টগ্ বগাই ফুৰো পথাৰে-নৈয়ে

গধূলিৰ বতাহ জাকত জী উঠা
বাঁহ জোপাৰ চৰ্ চৰণিটোৱে বোৱাই লৈ যায়
সেই দিনলৈ

সেই যে
বৰলৰ টোপ দিয়া কণমানি বৰশীৰ চিপ ডালেৰে
কাহানিও উঠি অহা নাছিল এটা সপোন

ৰৈ ৰৈ বাজি থকা বাঁহীৰ মাতত
বাবাজীয়ে নচুৱা সাপটোৰ দৰেই নাচিছিল
মাতাল দূপৰীয়াটো

সেই যে কানি মুনি এন্ধাৰত কল জোপোহাৰ মাজৰ পৰা বাজ
হোৱা ভূতটো
ভূত নাছিল,
মহহো খেদা ভালুকটোৰ জালিত ধৰি
পাক ঘূৰণি খাইছিল আতুৰ প্ৰাণটোৱে

সোঁৱৰণি মাথো সোঁৱৰণী
এবুকু মিঠা আমৰঙা

সেউজীয়াৰ দৰে / ৫৫