পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ওৰণি

ওৰণিখন গুচাই নলবা মল্লিকা
সীতাহৈ নাথাকিবা

ওৰণিখনে আৱৰি আছিল বাবেই
ছাঁটোহে দেখিছিল

তথাপি মাটিত অঁকা দহোটা পৰচৰ্চাই
সীতাক জাপি দিছিল
নৰক যন্ত্ৰণা

ওৰণিখন গুচাই নলবা
ওৰণি তলৰ কেঁচা জোনটোক
বেলিক চাবলৈ নিদিবা

ৰাধিকাৰ ওৰণিখন গুচাই নলবা মল্লিকা
প্ৰেমৰ শান্তি জান বান্ধোতে যে
তোমাৰ হাতৰ সুৰুঙাৰে
পাৰ হ’ব পানী
পাৰ হ’ব সময়

সেউজীয়াৰ দৰে / ৫৯