বেদনাৰ মিঠা মাদকতা
[ ১ ]
BEDANAR MITHA MADAKATA
A collection of Modern Assamese Poems and Paintings, written by
Jwala Bora, Kujarbari, Nagaon, Assam, Published by
Dr. Gopendra Mohan Das, Kanaklata Civil Hopital, Tezpur - 784 001
First Edition : 2013
কবিতা ৰচনা
জোৱলা বৰা
ৰেখাচিত্ৰঃ ছবি
জোৱলা বৰা
বেটুপাত অংকন
জোৱলা বৰা
প্ৰকাশক
ডাঃ গোপেন্দ্ৰ মোহন দাস
কনকলতা অসামৰিক চিকিৎসালয়, তেজপুৰ
প্ৰথম প্ৰকাশ
ফেব্ৰুৱাৰী, ২০১৩
গ্ৰন্থস্বত্ব
লেখিকাৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত
মুদ্ৰন
ভবানী অফছেট্, তেজপুৰ
মূল্য
১০০.০০ টকা
একুঁকি অনুভৱ
অনুভৱৰ নিভৃত কোণত পুঞ্জীভূত হোৱা কিছু অনুভূতিৰ বাহ্যিক প্ৰকাশত মই ব্যৰ্থ। শব্দৰ মালাগাঁথি কবিতাৰ পোছাক পিন্ধাবলৈ অনভিজ্ঞ। জীৱনৰ বিভিন্ন সময়ে ভিন ভিন অৱয়বে দোলন দিয়া মুহূৰ্তত, উক্মুকাই উঠা ভাৱবোৰে এটা দুটা শব্দৰ আকাৰ লয়। মনৰ মাজত চেপি খুন্দি থকা ভাৱবোৰ পূৰ্ণ পৰিপক্ক ভাবে প্ৰকাশ কৰিব নোৱাৰাত অন্তৰ্দাহনত নোভোগা নহয়। কবিতাৰ প্ৰেমত, জোনবাইৰ প্ৰেমত বহু বছৰ আগতেই পৰিছিলো, দুই এক কবিতা লিখিছিলো কিন্ত প্ৰকাশৰ মুখ যে দেখিব সেয়া কল্পনাপ্ৰসূত। কেঁচেলুৱা জীৱনত গোট মাৰি বৰফ হৈ থকা বাস্তৱ অনুভৱবোৰ তুলাপাতত খুদিত কৰি থোৱা প্ৰয়াস মাথো এয়া। মোৰ একাকী মুহূৰ্তত মন আৰু মগজুৰ যৌথ আক্ৰমণত পুথিৰ আকাৰ লোৱা লিখনীয়ে যে পাঠকবৃন্দক প্ৰশমিত ও মনৰ খোৰাক যোগাব সেয়া অলীক আশা। ভুল-ভ্ৰান্তি সততৰে স্বীকাৰ কৰি সন্মানীয় পাঠকৰ মত-অভিমত একান্তৰে কামনা কৰিলোঁ।
জোৱলা বৰা
কৃতজ্ঞতা
হৃদয়ৰ পৰা হৃদয়লৈ সেতু বন্ধা প্ৰত্যেকজন মহানুভৱ সভ্যক আন্তৰিক কৃতজ্ঞতাৰ অঞ্জলি যাঁচিলো। সংকলনখনি হাতবুলাই দিয়া শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰ, প্ৰকাশক ডাঃ গোপেন্দ্ৰ মোহন দাস সহিতে মোৰ পৰিয়ালৰ প্ৰতিজন সদস্যলৈ কৃতজ্ঞতাৰ শৰাই আগবঢ়ালোঁ। এই সুযোগতে মোৰ লেখাৰ প্ৰথম শ্ৰোতা ও সংকলনখনিৰ নামাকৰণ কৰি দিয়া ধাৰক - মোৰ মা লৈ সশ্ৰদ্ধ সেৱা জনালোঁ॥
জোৱলা বৰা
j
জোৱলাৰ কবিতা আলোচনী
ভাগ্যৰ নিৰ্মম আঘাতে ভৰ যৌৱনতে জোৱলাক ধৰাশায়ী কৰি পেলালে।
অফুৰন্ত শক্তি আৰু যৌৱনৰ অধিকাৰিণী এই তৰুণীগৰাকী এতিয়া হুইল
চেয়াৰত চিৰবন্দিনী। কিন্তু তেওঁৰ শৰীৰ বিধ্বস্ত হ'লেও তেওঁৰ আত্মাক
পৰাস্ত কৰিবলৈ ভাগ্যৰ বা ভগৱানৰ শক্তি নাই। কবিতা আৰু চিত্ৰাংকনৰ
মাজত জোৱলাই এটা বিকল্প জীৱন বিচাৰি পাইছে। ‘নিসংগতাৰ পিছত’
নামৰ কবিতাত তেওঁ ঘোষণা কৰিছে –
বহু নিসংগতাৰ পিছত
মই মোৰ প্ৰেমত পৰিলোঁ,
মই মোৰ প্ৰেমত পৰাৰ দিনাই
পৃথিৱীখন দেখিবলৈ ঐশ্বৰ্য্যশালী নাৰী হ’ল
ফুলনিখনৰ ফুলবোৰে সুগন্ধ বিলালে
পাৰ দুটিয়ে ৰুণ দিয়া শুনিলোঁ
নীলাভ আকাশখনৰ পৰা
মেঘাচ্ছন্ন ডাৱৰবোৰ আঁতৰি গ’ল
লঠঙা ডালবোৰে
সেউজীয়া পোছাক পিন্ধিলে
কেতেকীজনীযে সুমিষ্ট কণ্ঠৰে
গীত জুৰিলে.....
এবছৰমানৰ আগতে মই এদিন জোৱলাহঁতৰ ঘৰলৈ গৈছিলো। জোৱলা আৰু তেওঁৰ পৰিয়ালটোৰ লগত প্ৰায় গোটেই দিনটো কটাইছিলো। বিদায় ল’বৰ সময়ত জোৱলাই মোক উপহাৰ দিছিল তেওঁ নিজে অঁকা কেইখনমান ছবি। জীৱনৰ অমূল্য উপহাৰ হিচাপে মই সেই ছবিকেইখন মৰমেৰে সাঁচি থৈছোঁ। ছবিকেইখন মই মাজে মাজে চাওঁ, আৰু তাৰ মাজতেই জোৱলাক বিচাৰি পাওঁ; দেখিবলৈ পাওঁ অন্তহীন শাৰীৰিক যন্ত্ৰণা আৰু মানসিক বেদনাত স্তব্ধ হৈ পৰা ছোৱালীজনীৰ মুখত ভাগ্যৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ কঠোৰ সংকল্প। নিজৰ সৃষ্টিৰ মাজেদি জোৱলাই তেওঁৰ দুভাৰ্গ্যক জয় কৰি তাৰ ঊৰ্ধ্বলৈ আৰোহণ কৰিছে। এই কিতাপখন যিয়েই স্পৰ্শ কৰিব, তেওঁৱেই স্পৰ্শ কৰিব এগৰাকী অসাধাৰণ তৰুণীক, যি নিজৰ দুৰ্ভাগ্য আৰু দুখ-যন্ত্ৰণাক ৰূপান্তৰিত কৰিছে শিল্পসৃষ্টিলৈ। মই আশা কৰোঁ যে অসমৰ মানুহে এই কবিতাৰ কিতাপখন আদৰি লৈ জোৱলাৰ নিঃসংগ যাত্ৰাপথত সংগ দিবলৈ আগবাঢ়ি আহিব।
হোমেন বৰগোহাঞি
[ ৯ ]
ব্যক্তিগত এষাৰ ....
জোৱলা বৰা মোৰ মৰমৰ ভাগিন হয়। প্ৰায় দুবছৰ আগতে জোৱলাক লগ পাইছিলো প্ৰথম। জোৱলাৰ প্ৰাণস্পৰ্শী কবিতাবোৰ আৰু হৃদয়ৰ অনুভূতিৰ অত্যুজ্বল ৰঙেৰে আঁকা ছবিবোৰৰ মাজত মই আৱিষ্কাৰ কৰিছিলো দুঃসাহসী, অনুভূতিসম্পন্না, শিল্পীসুলভ মহান সত্ত্বাৰে মহীয়সী একনাৰীৰ অলংকাৰক। অসমৰ স্বনামধন্য সাহিত্যিক শ্ৰদ্ধেয় হোমেন বৰগোহাঞি চাৰৰ অবিৰত প্ৰেৰণা, উপদেশ আৰু মানসিক বৌদ্ধিক চেতনাৰ সংযোগবাণীয়ে জোৱলাক সদায়েই উদ্বুদ্ধ কৰিছিল। কবিতা লিখা আৰু ছবি অংকনৰ প্ৰেৰণা যোগাইছিল। ইয়াৰ ফলশ্ৰুতিতেই জন্ম হ’ল জোৱলাৰ অনুভূতি আৰু শিল্পৰ সমাহাৰ স্বৰূপ “বেদনাৰ মিঠা মাদকতা”ৰ।
মই প্ৰকাশক অথবা লিখক নহওঁ। কিন্তু গ্ৰন্থ, শিল্প, লিখক আৰু শিল্পীৰ প্ৰতি মোৰ আছে অফুৰন্ত শ্ৰদ্ধা। আৰু আছে এক বৰ্ণনাতীত চেতনাৰ অনুভৱ। সেয়েহে জোৱলাৰ এই ছবি আৰু কবিতাৰ সংকলনটি প্ৰকাশৰ দায়িত্ব মই লৈছিলো। প্ৰকাশনাত মোৰ অনিচ্ছাকৃত ভুল ভ্ৰান্তি হব পাৰে। তাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী। ভুলবোৰ শুধৰাই দিলে কৃতাৰ্থবোধ কৰিম।
কবিতাপুথিখন প্ৰকাশৰ পৰিকল্পনা, অংগসজ্জা, সম্পাদনা আদি বিভিন্ন দিশত সহায় সহযোগ কৰি ৰাইজৰ সমুখলৈ উলিয়াই অনা বাবে মোৰ ভাতৃপ্ৰতিম তেজপুৰৰ অমৃত বৰগোহাঁইলৈ মোৰ অজস্ৰ ধন্যবাদ আৰু কৃতজ্ঞতা যাচিলো।
জোৱলাৰ কবিতাপুথিখন প্ৰকাশৰ বাবে আৰম্ভনিৰ পৰা শেষলৈকে মোৰ প্ৰেৰণাৰ উৎস হৈ থকা সহধৰ্মিণী ডাঃ জাহানাৰা বেগম নিশ্চিতভাৱে মোৰ ধন্যবাদৰ পাত্ৰী।
“জোৱলাবাৰ কিতাপখন সোনকালে প্ৰকাশ নকৰা কিয়” বুলি মোক অনবৰতে হেঁচা দি থকা মোৰ পুত্ৰ সন্তান অংকুৰ, নুপুৰ, ময়ূৰলৈও মোৰ মৰমৰ ধন্যবাদ দিলো। [ ১০ ]
কম সময়ৰ ভিতৰতে প্ৰকাশ আৰু মুদ্ৰণৰ সমস্ত দায়িত্ব লৈ সংকলনটি সজাই পৰাই ৰাইজলৈ আগবঢ়োৱা বাবে তেজপুৰৰ “ভবানী অফছেট”ৰ স্বত্বাধিকাৰী অতীন্দ্ৰ ডেকা আৰু প্ৰেছৰ সমূহ কৰ্মচাৰীবৃন্দলৈ মোৰ বহুত ধন্যবাদ থাকিল।
মোৰ অতিকে শ্ৰদ্ধাৰ আৰু আদৰ্শৰ প্ৰতীক মাননীয় হোমেন বৰগোহাঞি চাৰে পাণ্ডুলিপিখন চাই জোৱলা আৰু মোক এই মহান কৰ্ত্তব্যপালনত যি নেদেখা আশীৰ্বাদ যাচিলে, তাৰ বাবে অন্তৰৰ কৃতজ্ঞতা জনালো তেখেতক। যাৰ অৱিহনে হয়তো এই পুথিখনৰ জন্ম আৰু প্ৰকাশ সম্ভৱ নহলহেতেন।
শেষত শ্ৰদ্ধাৰ পঢ়ুৱৈ সমাজৰ প্ৰতি একান্ত অনুৰোধ জনালো যাতে জোৱলা বৰাৰ এই কবিতা পুথিখন মৰমেৰে আদৰি লয়।
নমস্কাৰ
(ডাঃ গোপেন্দ্ৰ মোহন দাস)
কনকলতা অসামৰিক চিকিৎসালয়
তেজপুৰ
[ ১১ ]
সূচীপত্ৰ
মৌনতা/১ অনুভৱত কোন তুমি /২ ৰিক্ত হৃদয়ৰ অনুভৱ /৩ তুমি অহাৰ বাটত /৪ পৃথিৱীৰ প্ৰেমত /৫ আই /৬ সেউজীয়া অনুভৱ /৭ কবিতাবোৰ এতিয়াও কবিতা হৈ আছে /৮ অনুৰোধ কৰিছো আকৌ নাহিবা /৯ শব্দৰ মৃত্যু নাই /১০ ৰস নাইকিয়া জীয়া বৃক্ষ /১১ অভাৱ /১২ স্মৃতিৰ মৰীচিকা /১৩ নিসংগতাৰ পিছত /১৪ মৃত্যু /১৫ তোমাক ভালপাওঁ বাবে /১৬ ফাগুনী /১৭ নিৰ্জনতাৰ কিৰিলি /১৮ সময় /১৯ আহ্বান /২০ প্ৰতিশ্ৰুতি /২১ বেদনাৰ মিঠা মাদকতা /২২ কিতাপ /২৩ সৃষ্টিকৰ্তা /২৪ তইচোন সুখৰ সহোদৰ /২৫ নিয়তি /২৬ অপেক্ষা /২৭ নিশা /২৮ জোনবাই তোমালৈ এখন চিঠি /২৯ শৰৎ /৩০ উমান /৩২ জীৱন /৩৩ বিষাদ /৩৪ হঠাৎ নদীখনে গতি কৰিলে /৩৫ অভিমান /৩৬ আশা /৩৭ আমাৰ সম্পৰ্কটোৰ আয়ুস কিমান /৩৮ যন্ত্ৰণা/৩৯ কবিতা /৩১ শেৱালি /৪০
[ ১৩ ]
মৌনতা
মৌনতাৰো আছে নিজা ভাষা
মাথো অনুভৱ কৰিলেই হল
থুপ খাই
মৌন ওঁঠত
ওলমি থাকে
আকলুৱা হৃদয়ৰ গোপন কথা
মই হীনতাই কি হয় তোমাৰ
তুমি হীনতাই কি হয় মোৰ॥
অনুভৱত কোন তুমি
ৰাতিৰ আকাশত জিলিকি থকা
দুৰৈৰ পৰা
জুমি জুমি চাই থকা
নুবুজা হৃদয়ৰ কথা
কোন তুমি
কেতিয়াবা আহিবাচোন কাষলৈ
বহুতো কথা পাতিম
অকলশৰীয়াকৈ
বুজাব নোৱাৰিম ভাষাৰে
শুনাব নোৱাৰিম মুখেৰে
কিন্তু
যদি তাতে বুজি পোৱা
হ’বা মোৰ লগৰী
চকুৰ ভাষাৰে বুজাম
শত শত কাহিনী
আহিবাচোন এদিন
ৰাতিফুলা শেৱালিক সাক্ষী কৰি
লম পণ গণি গণি
কেতিয়াও নেহেৰুৱা বুলি॥
ৰিক্ত হৃদয়ৰ অনুভৱ
আপুনি জানেনে???
আপোনাৰ বিশাল হৃদয়ৰ কথা
আপোনাৰ কণ্ঠস্বৰত
মোৰ
ৰিক্ত হৃদয়ত
অনুৰাগ বাঢ়ে সংগোপনে
মৰম নামৰ অনুভূতিটো
কৃষ্ণচূঁড়া ফুলৰ দৰে হাঁহে
কেচা কলিজাত
বুকুৰ নিভৃত কোণত আপোনাৰ বসতি
আপোনাৰ উপস্থিতিত স্থবিৰ নদীখনে কথা কয়
কুলু-কুলু ধ্বনিৰে
নীৰবে চকুলো টুকি সৰি পৰা
হালধীয়া পাতবোৰ
ক্ৰমশঃ
হৈ পৰে সেউজীয়া॥
তুমি অহাৰ বাটত
তুমি অহাৰ বাটত
তামসী আকাশখনেও
শুভ্ৰতাৰ আস্তৰণ পাৰে
পশ্চিম আকাশত
জীৱনৰ সূৰ্য্যই
স্মিত হাঁহি মাৰে
হৃদয়ৰ চেতনাৰ চোতালখনো
সজীৱ হৈ পৰে
সৃষ্টিৰ কঁঠীয়াই
ধু ধু শূন্যতাতো
আশাৰ পোখা মেলে
এঙেৰুৱা কলিজাও
প্ৰাণ পাই উঠে
তুমি অহাৰ বাটত॥
পৃথিৱীৰ প্ৰেমত
নৈৰাশ্য আৰু দুঃখবোৰে যেতিয়া
হৃদয়ত এখন ঘৰ সাজে
পৃথিৱী
মই তোমাৰ প্ৰেমত পৰো
বিশাল তোমাৰ জনসমুদ্ৰত
মই এটি বিন্দু
তোমাৰ সান্নিধ্যত
ছিৰাল ফাট দিয়া বুকুখনে
দিক তৰে
সময়ৰ সোঁতত
দুঃখবোৰ ফৰ্মুটিয়াই
সাঁজো বালিঘৰ॥
আই
শব্দবিহীন কিদৰে বুজাম তোমাক
তুলনা যে নাই
তোমাক পূজিবলৈ সৰগৰ পৰা
এপাহ পুষ্প নাপাম
হৃদয় বেদীত ৰাখিছো জ্বলাই
তোমাক পূজাৰ বন্তি
আই মই ভাবি নাপাওঁ
তোমাৰ মহিমা
তোমাৰ চকুত চকু থলে হৃদয় জ্বলে
তোমাৰ এধানি মাতত বুকু জুৰ পৰে
সাগৰৰ দৰে বিশাল
মোৰ আই
তোমাৰ তুলনাত সকলো অপাৰ॥
সেউজীয়া অনুভৱ
নীলিমাৰ বুকুত
কুৱঁলীৰ তৰণি দাঙি
ৰক্তিম ওঁঠেৰে চুমুক দিয়া ধাৰাত
তুমি যেতিয়া
দুৱৰিত নিয়ৰৰ মুকুতা জিলিকে
মোৰ মৰু উদ্যানত
সেউজীয়া সেউজীয়া অনুভৱৰ
পুষ্প বৃষ্টি হয়
হৃদয়ত কঁপৌ উৰুৱাই
দুচকুত ৰঙীন সপোন
দুলা দি উঠে
মোৰ মনৰ নিভৃত কোণৰ পৰা
তেতিয়া অংকুৰিত হয়
এটি মিঠা কবিতাৰ॥
কবিতাবোৰ এতিয়াও কবিতা হৈ আছে
বহুদিন হ’ল তোমালৈ লিখা
দিয়া হোৱা নাই
তোমাক লগ পোৱা দিনাৰ পৰাই
প্ৰতিটো নিশাত লিখিছো
কবিতা
নাজানো ভাববোৰ
শব্দৰে প্ৰকাশ কৰিব পাৰিছোনে নাই
অনুভৱী মনটোক বুজাবৰ বাবে
তোমালৈ লিখা কবিতাবোৰত
বহু নিশা উজাগৰে লিখিছিলো
তোমালৈ
কবিতাবোৰ এতিয়াও কবিতা হৈ আছে
মোৰ
মনৰ অনুভূতিবোৰ.......
এতিয়া
শিল হ’ল॥
অনুৰোধ কৰিছো আকৌ নাহিবা
ময়েতো দিছিলো তোমাক
বুকুত বৰপীৰাখন পাৰি
জীৱনৰ ছন্দ হেৰুৱা ক্ষণবোৰত
তোমাকে সংগী কৰি
জীৱনৰ বৈতৰণীখনলৈ আগবাঢ়িছিলো
ভগ্নস্তূপ স্মৃতিবোৰ তোমাকে কৈছিলো
লানি নিছিগাকৈ
তুমিয়েতো আছিলা সাক্ষী
অশ্মীভূত হোৱা হৃদয়ৰ
কিন্তু
কিয় জানো
আজি কালি
তোমাক ভয় কৰো
বুকুখনেও নোৱাৰে সহিব
তোমাৰ ভৰ
তুমি যোৱাগৈ
দূৰ সীমনালৈ
যোৱাগৈ তুমি
অনুৰোধ কৰিছো আকৌ নাহিবা
তুমি...........
অমানিশা??
শব্দৰ মৃত্যু নাই
শব্দই হৃদয় দি হৃদয় লয়
শব্দই কথা কয়
শব্দই হাঁহে
শব্দই শান্ত্বনা দিয়ে
শব্দই প্ৰতিশ্ৰুতি দিয়ে
শব্দই সম্বন্ধ গঢ়ে
শব্দই সপোন দেখুৱায়
শব্দৰ মৃত্যু নাই?
অমৰ??
ৰস নাইকিয়া জীয়া বৃক্ষ
মই এডাল
ৰস নাইকিয়া
জীয়া বৃক্ষ
মোৰ ওঁঠত
কুটিল হাঁহি
বাটৰ ভিক্ষাৰীৰ
থালত থকা
খুচুৰা পইচা
কেইটাৰ দৰে
দিনে দিনে
বাঢ়ি অহা
সপোনবোৰ
ফুটপাথৰ ডাষ্টবিনত
পোত খাইছে
মোৰ অলক্ষিতে
মই বেচো
মোৰ মানসিকতা
বজাৰৰ বেপাৰীৰ
হাতত॥
অভাৱ
এটা শব্দৰ অভাৱত
যন্ত্ৰণাত ছটফটাই থাকো মই
অনুভৱবোৰ ব্যক্ত কৰিবলৈ
মোক এটা শব্দৰ প্ৰয়োজন
অভিধানৰ প্ৰতিটো শব্দই
মূক
মোৰ অনুভৱৰ॥
স্মৃতিৰ মৰীচিকা
নীৰব মঞ্চত সুৰৰ শলিতা জ্বলাই
হৃদয় স্পৰ্শী আলিংগনত
বুৰ যাওঁ.....
জীৱন্ত স্মৃতিৰ
প্ৰাচীৰ ভাঙি নিৰবিচ্ছিন্নে
বৈ আহে বুকুলৈ
অলিখিত দিনৰ দস্তাবেজ
সোণাৰু বুলীয়া হেপাঁহৰ মধুৰ দিনবোৰত
শূন্যটোও আছিল মৰমে পৰিপূৰ্ণ
সূৰ্য্যমুখী নিৰুদ্বেগ আকাশখনো
সাক্ষী আছিল
সতেজ সপোনবোৰৰ
মুষলধাৰে খহি পৰা বৰষুণজাকে
ধুই নিছিল হিঁয়াৰ বিবৰ্ণ শব্দবোৰ
নৈ পাৰৰ কঁহুৱাবোৰেও হালি জালি নাচিছিল
বুকুৰ কাচুলি খুলি
পচোৱাৰ পাখিত লিখা
শব্দবোৰো জিলিকিছিল
ৰাতিৰ আকাশৰ তৰাৰ দৰে॥
নিসংগতাৰ পিছত
বহু নিসংগতাৰ পিছত
মই মোৰ প্ৰেমত পৰিলো
মই মোৰ প্ৰেমত পৰাৰ দিনাই
পৃথিৱীখন দেখিবলৈ ঐশ্বৰ্য্যশালী নাৰী হ’ল
ফুলনিখনৰ ফুলবোৰে সুগন্ধি বিলালে
পাৰ দুটিয়ে ৰুণ দিয়া শুনিলো
নীলাভ আকাশখনৰ পৰা
মেঘাচ্ছন্ন ডাৱৰবোৰ আতৰি গ’ল
লঠঙা ডালবোৰে
সেউজীয়া পোছাক পিন্ধিলে
কেতেকীজনীয়ে সুমিষ্ট কণ্ঠৰে
গীত জুৰিলে॥
মৃত্যু
মোৰ মৃত্যুত
তুমি
চকুৰ পানী নুটুকিবা
মই জীৱিত হৈ থাকিব খোজো তোমাৰ
উশাহত
হৃদয়ত
অনুভৱত
দুচুকুত
অধৰত
চকুৰ পানীৰে নিদিবা ধুই
কাংক্ষিত মোৰ সপোনবোৰ
বলুকাত সাজি থৈ অহা
স্মৃতি সৌধটো
চকুৰ পানীৰে নিদিবা উটাই
তাতেইটো
জীৱিত হৈ আছে
আমাৰ অশৰীৰী সান্নিধ্য॥
তোমাক ভালপাঁও বাবে
তোমাক ভালপাঁও বাবে
দাৰুণ আন্ধাৰতো
পোহৰৰ ফালে ধাৱমান হওঁ
নিৰ্জলা পুখুৰীতো
দৰিকণা মাছৰ হাঁহি দেখো
কণ্টকময় বাটতো
বকুল ফুলৰ দলিচা সাজোঁ
দুঃখৰ ভৰতো
সুখৰ মালা গাঁঠো
তোমাক ভালপাঁও বাবে
গলি গলি শেষ হ’ব ধৰা
অনুভূতিবোৰ
শব্দৰ লেচেৰিৰে গোঁজি থওঁ
সেউজীয়া কাগজত
তোমাক ভালপাঁও বাবে
ফৰিংফুটা জোনাকৰ টোপালত তিতি
নিৰ্জন নিশা।
শৃংগ বগাওঁ॥
ফাগুনী
প্ৰকৃতিৰ বুকুত উতনুৱা বতাহত
ওলমি নাচি উঠে
তেজৰঙা- শিমলু, মদাৰৰ
হাঁহি
ধূলিৰে ধূসৰিত ধৰিত্ৰীৰ বুকুত
শুকান শুকান পাতৰ
দুৰ্দশা দেখি
উচুঁপি উঠে
উদং বিৰিখৰ চূড়াত বহি ফাগুনী
শুকান পথাৰৰ যন্ত্ৰণা দেখি
এঙেৰুৱা মনে
পথৰুৱা বাটে ঘৰমুৱা হয় ককাইটি
তথাপিও
ফাগুনীয়ে আনে
জোনাক জোনাক সপোন॥
নিৰ্জনতাৰ কিৰিলি
তুমি বাৰু নিৰ্জনতাৰ কিৰিলি
শুনিছানে?
নাই শুনা?
আহিবাচোন এদিন
মোৰ উৰুখা পঁজালৈ
পৰিচয় কৰি দিম।
নিঃশব্দে আহি
তোমাৰ বাঁউসীত বহিব
মন নকৰিলেও আক্ষেপ নাই
কেতিয়াবা
প্ৰচণ্ড অভিমানৰ টুকুৰাবোৰ
তোমাৰ মুখলৈ ছটিয়াই দিব
বুকুখনত খামুচি ধৰি
শিপাব
তুমিও তোমাৰ অলক্ষিতে
তেওঁৰ নীলা চকুযুৰিত ডুব যাবা
গভীৰৰ পৰা গভীৰতালৈ.....॥
সময়
টোপা টোপে সৰিছে সময়
ৰাতি ভৰিছে
পুৰ্ণ শশীৰ কেলি
তৰালিয়ে
নাৰিকল গছৰ ফাঁকেৰে
শুভ্ৰ শেৱালিৰ সতে
প্ৰেমালাপ কৰিছে
হৃদয়ৰ আকুলতাৰে
নিৰ্জনতা ভাঙি
টোপা টোপে সৰিছে সময়
দুবৰিত মুকুতাৰ দলিচা পাৰি
জোনাকৰ আলিংগনত
নিয়ৰে হাঁহি বিৰিঙাইছে
হৃদয়ৰ দুৱাৰ খুলি
দেও দি দি সোমাই
জিৰ জিৰ সপোন
টোপা টোপে সময় সৰি
ৰাতি উপচিল॥
আহ্বান
হৃদয়ৰ পৰা হৃদয়লৈ
এখন সেঁতু বান্ধো আহা
য’ত, মানসিক গোন্ধত
এখন বিবেকৰ
পৃথিৱী গঢ়িম
পুৱাৰ ৰৌদ্ৰজালে নুচুমা
শৰাইঘাটৰ তলৰ
চেঙালুটি খাই শুই থকা
শিশুৰ পেটৰ ভোক গুচাম
“সিহতৰ”
মামৰে ধৰি যোৱা গালবোৰত
ফাঁকুগুড়ি সানি দিম
দৰিদ্ৰতাই চিলাই থোৱা
ওঁঠত
গুজি দিম
অ - আ - ক - খ॥
প্ৰতিশ্ৰুতি
শব্দৰ মায়াজাল গঠা তোমাৰ প্ৰতিশ্ৰুতিত
মই বন্দী
কেতিয়াবা হাঁহা জঠৰ শৰীৰটো লৈ
এটি খালী পিয়লা বুলি
তাতে তোমাৰ প্ৰতিশ্ৰুতি
মোক জীয়াই ৰখাৰ
শব্দৰ মায়াজাল গঠা তোমাৰ প্ৰতিশ্ৰুতি
তুমি জানা
মই সপোন দেখিবলৈ এৰিলো
তথাপিও, তুমি দেখুওৱা
মই দেখিব নোখোজা সপোন
তুমি জানানে?
সপোন ভাঙিলে কেনে লাগে
শব্দৰ মায়াজাল গঠা
তোমাৰ প্ৰতিশ্ৰুতি..ত
এতিয়া..............
?
বেদনাৰ মিঠা মাদকতা
ভৰ দুপৰতে হাঁহিটি হেৰাল
কোনেও নজনাকৈ
স্মৃতিত পাইছো দেখা
তলসৰা শেৱালিৰ বেদনা
আৰু শুনিছোঁ
মৰা কলিজাৰ সুৰ
পৰ বুলি ভবা চকুলো
এতিয়া......
বুকুৰ আপোন হ’ল
জোনাকী বাটৰ সুৰীয়া সপোন
যেন উকা দাপোণ
মনৰ মণি কোঠাত
যদিও এৰো বাণ
নীৰৱতা
আছে তাতো
বেদনাৰ মিঠা মাদকতা॥
কিতাপ
খোদিত হৈ ৰয়
তোমাৰ বুকুত
কত ইতিহাসৰ ছবি
য’ত
পৃথিৱী, আকাশ
নদী, বতাহ
সুখ, দুঃখ
জীৱনৰ প্ৰতিচ্ছবি
তোমাৰ বুকুত
খোদিত শব্দই
দিক নিদৰ্শন দিয়ে
তুমি আন্ধাৰ বাটৰ
পোহৰৰ প্ৰতীক
নিসংগতাৰ সংগী
তোমাৰ বুকুৰ শব্দৰ চোতালখনত
মুখ গুজি
যন্ত্ৰণাক্লিষ্ট শৰীৰেও প্ৰেৰণা পায়
জীৱনৰ প্ৰেমত পৰে॥
সৃষ্টিকৰ্তা
দুঃখৰ বোকোচাত উঠি
কিমান দূৰ বাট বুলিম
ত্ৰিশটা বসন্তৰ পোন্ধৰতাই
শেতেলীৰ সংগী
ৰঙীন সপোন কলিতে মৰহিল
আন্ধাৰে আবৰা ভৱিষ্যত
দ’হৈ যোৱা দুখৰ ঘাঁ টুকুৰ
গোন্ধাব লৈছে
দুঃস্বপ্নত উচপখাই উঠো
তন্দ্ৰাবিহীন নিশা
অজান আশংকাত
কঁপি উঠে বুকু
তথাপিও
সৃষ্টিকৰ্তা নিমাত
কিয়??
তইচোন সুখৰ সহোদৰ
পাৰো জানো তোক এৰি থাকিব
তই নহলে
মই উদং আকাশ
তই নহলে
মই ডাৱৰীয়া আকাশৰ বেলি
তই নহলে
মই তৰা নোহোৱা আকাশৰ পূৰ্ণিমাৰ জোন
তোৰ উপস্থিতিয়ে পৰিচয় দিয়ে
মোৰ সত্বাক
তই মোৰ ছাঁ
আৰু সুখবোৰ??
মোৰ প্ৰবসুৱা সপোন
সুখৰ অপেক্ষাত থাকোতে
কিয় তোৰ চকুযুৰি জ্বলি থকা যেন পাওঁ
তইচোন সুখৰ সহোদৰ
কিয় তই মোৰ প্ৰেমত পৰি
শিৰাই শিৰাই থিতাপি ললি
অ’ মোৰ দুঃখ......॥
নিয়তি
কোন আহিল সেয়া
ধুমুহা গতিত
সময় নেকি?
কাৰোবাৰ কেঁচা তেজ শুহি
কাৰোবাক পংগু কৰি
কি পালে নিয়তিয়ে
এটুপি তপত চকুলো
পঁজাটিত ঘূণে ধৰিছে
“সজাবলে”
সবল মাৰলি নাই
বিষন্ন প্ৰহৰ
এয়া কি?
তোমাৰ মুখত হাঁহি
বুজিছো
তুমি সময়ৰ দাসী!!
অপেক্ষা
বহু অপেক্ষাৰ অন্তত
আহিলা আজি
তুমি আহিবা বুলি
পদূলিতো সাৰি মচি থৈছো
একেলগে এসাজ ভোক গুচাই
ভাত খাম বুলি
বহুদিনীয়া পুৰণা জহা ধানৰ
চাউল কেইটামান থৈছো।
ভাবিছিলো!!!
তোমাৰ চোলাটোৰ পৰা
পাৰফিউমৰ গোন্ধ মোৰ নাকত লাগিব
কিন্তু
দুঃখিত
আজিও তোমাৰ চোলাৰ পৰা
কেঁচা তেজৰ গোন্ধ ওলাইছে॥
নিশা
তোমাক ভালপাওঁ
বহুত
কিমান বহুত কব নোৱাৰো
হয়তো নিজতকৈ বেছি
তোমাৰ লগত
একাত্ম হোৱা ক্ষণবোৰত
মই মই হৈ নাথাকো
মোৰ একাকী মুহূৰ্ত্তৰ
তুমি একমাত্ৰ লগৰী
কোনোবাই কয়
মোক বুজি পাওঁ বুলি
ওঁহো নহয়
তোমাৰ নিচিনাকৈ
নিশা
কোনেও বুজি নাপায়॥
জোনবাই তোমালৈ এখন চিঠি
বুকুৰ সঁফুৰা খুলি লিখিছো তোমালৈ
বগা কাগজৰ বুকুত
নীলা চিঁয়াহীৰে
প্ৰাপ্তি - অপ্ৰাপ্তিৰ ডুখৰীয়া চিঠি
জোনবাই তোমালৈ
হৃদয়বিহীন জীৱাশ্ম হৈ পৰিছিলো
সিদিনা
যেতিয়া ঘন ক’লা আঁউসীয়ে
তোমাৰ মুখাৱয়ব ঢাকি ধৰিছিল
আৰু মোৰ দুচকু
সেন্দুৰীয়া সময়বোৰত
................
ক্লান্ত পথিকৰ দৰে আগবাঢ়িছিলো
তুমি তেতিয়াও মোৰ ছাঁ হৈ আছিলা
তোমাৰ সান্নিধ্যত
আন্ধাৰখিনিও গিলি থৈছিলো পোহৰ বুলি
বঠাবিহীন নাঁওখনো মেলি দিছিলো
দূৰ দিগন্তলৈ.......॥
শৰৎ
শৰৎৰ কুঁৱলীৰ বগা জাল ফালি
ভুমুকি মৰা
উদং হৃদয়ত
চেঁচা শৰীৰটোত
কুঁৱলীৰ বগা চাদৰখন ঢাকি দিয়া
সপোন দেখুৱা
ৰাস আহিছে
পূৰ্ণ চন্দ্ৰমাই আকাশ উজ্জ্বলাব
সপোন বাস্তৱ হ’ব..............॥
কবিতা
কবিতা মোৰ জীৱনৰ
এমুঠি অংশু
শব্দৰ লেছেৰিয়ে
য’ত
গুঁজি থয়
সুখ
দুঃখৰ
শিলালিপি!
উমান
তই মোক এৰি থৈ যাওঁতে
দি যোৱা ঘাঁ টুকুৰ
আজিও সতেজ হৈ আছে
উশাহ লওঁতে
এটা বিষে কামুৰি ধৰে
তেতিয়াই
উমান পাওঁ মই
জীৱিত
জীৱন
বহু আভৰণে বিভূষিত
তুমি
তোমাৰ মাজতে নিমজ্জিত
সুখ
দুঃখ
শব্দহীন হুমুনিয়াহ
প্ৰোথিত হৈ থাকে কোঁহে কোঁহে
অৰুণিম সপোন
পোখা মেলে সংগোপনে
উদাসী অৰণ্যত
ৰাশি ৰাশি
ৰক্ত কুসুম॥
বিষাদ
মোৰ পুৰণা সাজযোৰ
নতুনকৈ খহটা লাগিছিল
নতুনতে কোমল দেহাটোত
পিন্ধিবলৈ কষ্ট হৈছিল
লাহে লাহে পুৰণি হৈ আহোতে
সাজযোৰ
দেহাটোও কোমলৰ পৰা
কঠিন হৈ পৰিল
খহটা অনুভৱ মসৃণ হ’ল
সাজযোৰ হিয়াৰ আমঠু হ’ল
প্ৰতিশ্ৰুতি দিলো
গোপনে.........
হঠাৎ নদীখনে গতি কৰিলে
হঠাৎ নদীখনে গতি কৰিলে
ৰ’দৰ জিলিঙনিয়ে
পানীত মুকুতাৰ দলিচা তৰিলে
যেতিয়া
জঠৰ হাতখনত কলম তুলি ললো
দুঃখবোৰ সফুঁৰাত ভৰাই
সুখৰ মুদ্ৰাৰে
সপোনৰ কাৰেং সাজিলো
উশাহত গাঁঠি ললো
আশাৰ এসাগৰ জোনাক
পলকতে সাৱটি ললো
চুটি হব ধৰা দিনটো
খহটা হৃদয়খনত
ঘৰ্ষণ হ’ল পোহৰৰ॥
অভিমান
তুমি কোৱাৰ দৰে
অভিমানৰ জুঁইকুৰা
জ্বলাই ৰাখিব বিচাৰো
মৰমবোৰ পুৰি ছাঁই হ’ব নিদিও
এজাৰবুলীয়া ক্ষণত
দোকোঁহ ভাঙি
উজাই অহা স্মৃতিবোৰে
সোঁৱৰণীৰ দলিচা তৰে
কাজলী কলিজাটো
উক্মুকাই উঠে
নিখোজ হব ধৰা
আশা
ওলমি ৰয় দুচকুৰ পতাত॥
আশা
তোৰ দুহাতত
শেলুঁৱৈ ধৰা
সপোনবোৰ
প্ৰাণ পাই উঠে
হিমচেঁচা হুঁমুনিয়াহ
ঠন ধৰি উঠে
তোৰ আলফুলিয়া
নিলয়ত॥
আমাৰ সম্পৰ্কটোৰ আয়ুস কিমান
আমাৰ সম্পৰ্কটোৰ আয়ুস কিমান দিনৰ
আপুনি জানেনে?
এদিন
দুদিন
এবছৰ
নে নিয়তিৰ হাতত?
প্ৰত্যুত্তৰত
আপোনাৰ ওঁঠত এমোকোৰা হাঁহি
মই আকৌ কৈছিলো
সম্পৰ্ক গঢ়াটো সহজ
ভঙাটো তাত্কৈ সহজ
কিন্তু
জীয়াই ৰখাটো কঠিন
তেতিয়া আপোনাৰ ওঁঠৰ হাঁহিটো সেমেকিছিল
মই আকৌ কৈছিলো
বিশ্বাস
প্ৰতিশ্ৰুতি
এইবোৰ মই
আপোনাৰ হাতত গুঁজি থওঁ
তেতিয়া আপোনাৰ চকুদুটি
উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকিল
ওঁঠত
মৌনতাই সীছিল॥
যন্ত্ৰণা
নিঃকৰুণ ভাৱে কাঢ়ি নিব পৰা
ওঁঠৰ পনিয়লী হাঁহি
তোমাৰ উপস্থিতিত
ৰূদ্ধ হৈ ৰয় হৃদয়ৰ স্পন্দন
শ্মশানত পৰিণত হয়
দুচকুৰ সপোন
তুমি ভৰুণ পথাৰৰ
শাওঁনীয়া বান
সন্তৰ্পণে সোমাই অহা
তুমি
সুখৰ পজাঁত
উপেক্ষা কৰো
তোমাৰ আলিংগন
অৰুণিম জীৱনত
তুমি
আঁউসীৰ বীজ সিঁচা।
শেৱালি
শৰৎৰ বোকোচাত
তোমাৰ আগমন
সুগন্ধি বিলোৱা
জঁয়াল নিশা
উপেক্ষা কৰা তুমি
প্ৰভাতীৰ চুম্বন
শুভ্ৰতাৰ সাজত
নিমাতী কন্যা
গলি গলি সৰা
চতুৰ্দশী জোনৰ
তুমিয়ইে প্ৰেমিকা!!
অদমনীয় মানসিক শক্তিৰে শাৰীৰিক যন্ত্ৰণাক জয় কৰি জীৱনৰ জয়গান গাবলৈ লোৱা নগাঁওৰ কুজাৰবড়িৰ জোৱলা বৰাক দুবছৰমান আগতে প্ৰথম লগ পাইছিলো। শাৰীৰিক অসুস্থতাৰ বাবে খোজকাঢ়িবলৈ অপৰাগ জোৱলাই এদিন কৈছিল “মামা, খোজকাঢ়িব নোৱাৰিলেও মই মনেৰেই গোটেই বিশ্ব বিচৰণ কৰি ফুৰো। এতিয়া কিতাপেই মোৰ সংগী।” সঁচাকৈ, কিতাপৰ এটি এটি আখৰ এটি এটি জোনাকী পৰুৱাৰ দৰে ৷ এন্ধাৰত পোহৰৰ বাট দেখুৱায়। প্ৰথম লগ পোৱাৰ দিনটোতে জোৱলাৰ কবিতা পঢ়ি সযতনে আঁকি থৈ দিয়া ছবিবোৰ চাই অভিভূত হৈছিলো। ইমান সুন্দৰকৈ ছবি আঁকিবলৈ ক’ত শিকিছিলা বুলি সোধাত জোৱলাই কৈছিল -“মই ছবি অঁকা শিকিবলৈ সুবিধাই নাপালো। নিজে নিজে ছবি আঁকিবলৈ চেষ্টা কৰিছো। ছবি অঁকা শিকিবলৈ নোপোৱাৰ দুঃখে মোক আজিও আমনি কৰে।” জোৱলাক দেখিলে শৰীৰৰ যন্ত্ৰণাক জয় কৰাৰ অদ্যম হেপাঁহৰ প্ৰতিচ্ছবি ফুটি উঠে। জোৱলা আজি হেজাৰজনৰ প্ৰেৰণাৰ প্ৰতীক। যিয়েই এবাৰ জোৱলাক লগ পাইছে তেওঁ আন এজনক এনেদৰে কবই “সাহিত্য, কলা-সংস্কৃতিৰ সাধনাত ব্ৰতী হোৱা, চকুলোৰে নহয়, হাঁহিৰে জীৱন জুখিবলৈ শিকা।” জোৱলাৰ কবিতাই সকলোৰে হৃদয় পৰশিবলৈ সক্ষম হওঁক - তাকেই মনে প্ৰাণে কামনা কৰিলো।
ডাঃ অঞ্জনজ্যোতি চৌধুৰী
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।