পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৪৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

নিশা

তোমাক ভালপাওঁ
বহুত
কিমান বহুত কব নোৱাৰো
হয়তো নিজতকৈ বেছি
তোমাৰ লগত
একাত্ম হোৱা ক্ষণবোৰত
মই মই হৈ নাথাকো
মোৰ একাকী মুহূৰ্ত্তৰ
তুমি একমাত্ৰ লগৰী
কোনোবাই কয়
মোক বুজি পাওঁ বুলি
ওঁহো নহয়
তোমাৰ নিচিনাকৈ
নিশা
কোনেও বুজি নাপায়॥

২৮• বেদনাৰ মিঠা মাদকতা