পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মৃত্যু

মোৰ মৃত্যুত
তুমি
চকুৰ পানী নুটুকিবা
মই জীৱিত হৈ থাকিব খোজো তোমাৰ
উশাহত
হৃদয়ত
অনুভৱত
দুচুকুত
অধৰত
চকুৰ পানীৰে নিদিবা ধুই
কাংক্ষিত মোৰ সপোনবোৰ
বলুকাত সাজি থৈ অহা
স্মৃতি সৌধটো
চকুৰ পানীৰে নিদিবা উটাই
তাতেইটো
জীৱিত হৈ আছে
আমাৰ অশৰীৰী সান্নিধ্য॥

বেদনাৰ মিঠা মাদকতা • ১৫