পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৪৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

শৰৎ

শৰৎৰ কুঁৱলীৰ বগা জাল ফালি
ভুমুকি মৰা
উদং হৃদয়ত
চেঁচা শৰীৰটোত
কুঁৱলীৰ বগা চাদৰখন ঢাকি দিয়া
সপোন দেখুৱা
ৰাস আহিছে
পূৰ্ণ চন্দ্ৰমাই আকাশ উজ্জ্বলাব
সপোন বাস্তৱ হ’ব..............॥

৩০• বেদনাৰ মিঠা মাদকতা