পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৩৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

সময়

টোপা টোপে সৰিছে সময়
ৰাতি ভৰিছে
পুৰ্ণ শশীৰ কেলি
তৰালিয়ে
নাৰিকল গছৰ ফাঁকেৰে
শুভ্ৰ শেৱালিৰ সতে
প্ৰেমালাপ কৰিছে
হৃদয়ৰ আকুলতাৰে
নিৰ্জনতা ভাঙি
টোপা টোপে সৰিছে সময়
দুবৰিত মুকুতাৰ দলিচা পাৰি
জোনাকৰ আলিংগনত
নিয়ৰে হাঁহি বিৰিঙাইছে
হৃদয়ৰ দুৱাৰ খুলি
দেও দি দি সোমাই
জিৰ জিৰ সপোন
টোপা টোপে সময় সৰি
ৰাতি উপচিল॥

বেদনাৰ মিঠা মাদকতা • ১৯