পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

কবিতাবোৰ এতিয়াও কবিতা হৈ আছে

বহুদিন হ’ল তোমালৈ লিখা
দিয়া হোৱা নাই
তোমাক লগ পোৱা দিনাৰ পৰাই
প্ৰতিটো নিশাত লিখিছো
কবিতা
নাজানো ভাববোৰ
শব্দৰে প্ৰকাশ কৰিব পাৰিছোনে নাই
অনুভৱী মনটোক বুজাবৰ বাবে
তোমালৈ লিখা কবিতাবোৰত
বহু নিশা উজাগৰে লিখিছিলো
তোমালৈ
কবিতাবোৰ এতিয়াও কবিতা হৈ আছে
মোৰ
মনৰ অনুভূতিবোৰ.......
এতিয়া
শিল হ’ল॥

৮ • বেদনাৰ মিঠা মাদকতা