সমললৈ যাওক

পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অভাৱ


এটা শব্দৰ অভাৱত
যন্ত্ৰণাত ছটফটাই থাকো মই
অনুভৱবোৰ ব্যক্ত কৰিবলৈ
মোক এটা শব্দৰ প্ৰয়োজন
অভিধানৰ প্ৰতিটো শব্দই
মূক
মোৰ অনুভৱৰ॥

১২ • বেদনাৰ মিঠা মাদকতা