পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

যন্ত্ৰণা

নিঃকৰুণ ভাৱে কাঢ়ি নিব পৰা
ওঁঠৰ পনিয়লী হাঁহি
তোমাৰ উপস্থিতিত
ৰূদ্ধ হৈ ৰয় হৃদয়ৰ স্পন্দন
শ্মশানত পৰিণত হয়
দুচকুৰ সপোন
তুমি ভৰুণ পথাৰৰ
শাওঁনীয়া বান
সন্তৰ্পণে সোমাই অহা
  তুমি
সুখৰ পজাঁত
উপেক্ষা কৰো
তোমাৰ আলিংগন
অৰুণিম জীৱনত
  তুমি
আঁউসীৰ বীজ সিঁচা।

বেদনাৰ মিঠা মাদকতা • ৩৯