পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অপেক্ষা

বহু অপেক্ষাৰ অন্তত
আহিলা আজি
তুমি আহিবা বুলি
পদূলিতো সাৰি মচি থৈছো
একেলগে এসাজ ভোক গুচাই
ভাত খাম বুলি
বহুদিনীয়া পুৰণা জহা ধানৰ
চাউল কেইটামান থৈছো।
ভাবিছিলো!!!
তোমাৰ চোলাটোৰ পৰা
পাৰফিউমৰ গোন্ধ মোৰ নাকত লাগিব
কিন্তু
দুঃখিত
আজিও তোমাৰ চোলাৰ পৰা
কেঁচা তেজৰ গোন্ধ ওলাইছে॥

বেদনাৰ মিঠা মাদকতা • ২৭