পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

সেউজীয়া অনুভৱ

নীলিমাৰ বুকুত
কুৱঁলীৰ তৰণি দাঙি
ৰক্তিম ওঁঠেৰে চুমুক দিয়া ধাৰাত
তুমি যেতিয়া
দুৱৰিত নিয়ৰৰ মুকুতা জিলিকে
মোৰ মৰু উদ্যানত
সেউজীয়া সেউজীয়া অনুভৱৰ
পুষ্প বৃষ্টি হয়
হৃদয়ত কঁপৌ উৰুৱাই
দুচকুত ৰঙীন সপোন
দুলা দি উঠে
মোৰ মনৰ নিভৃত কোণৰ পৰা
তেতিয়া অংকুৰিত হয়
এটি মিঠা কবিতাৰ॥

বেদনাৰ মিঠা মাদকতা • ৭