পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৪১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

তইচোন সুখৰ সহোদৰ

পাৰো জানো তোক এৰি থাকিব
তই নহলে
মই উদং আকাশ
তই নহলে
মই ডাৱৰীয়া আকাশৰ বেলি
তই নহলে
মই তৰা নোহোৱা আকাশৰ পূৰ্ণিমাৰ জোন
তোৰ উপস্থিতিয়ে পৰিচয় দিয়ে
মোৰ সত্বাক
তই মোৰ ছাঁ
আৰু সুখবোৰ??
মোৰ প্ৰবসুৱা সপোন
সুখৰ অপেক্ষাত থাকোতে
কিয় তোৰ চকুযুৰি জ্বলি থকা যেন পাওঁ
তইচোন সুখৰ সহোদৰ
কিয় তই মোৰ প্ৰেমত পৰি
শিৰাই শিৰাই থিতাপি ললি
অ’ মোৰ দুঃখ......॥

বেদনাৰ মিঠা মাদকতা • ২৫