পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

আই

শব্দবিহীন কিদৰে বুজাম তোমাক
তুলনা যে নাই
তোমাক পূজিবলৈ সৰগৰ পৰা
এপাহ পুষ্প নাপাম
হৃদয় বেদীত ৰাখিছো জ্বলাই
তোমাক পূজাৰ বন্তি
আই মই ভাবি নাপাওঁ
তোমাৰ মহিমা
তোমাৰ চকুত চকু থলে হৃদয় জ্বলে
তোমাৰ এধানি মাতত বুকু জুৰ পৰে
সাগৰৰ দৰে বিশাল
মোৰ আই
তোমাৰ তুলনাত সকলো অপাৰ॥

৬ • বেদনাৰ মিঠা মাদকতা