পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

প্ৰতিশ্ৰুতি

শব্দৰ মায়াজাল গঠা তোমাৰ প্ৰতিশ্ৰুতিত
মই বন্দী
কেতিয়াবা হাঁহা জঠৰ শৰীৰটো লৈ
এটি খালী পিয়লা বুলি
তাতে তোমাৰ প্ৰতিশ্ৰুতি
মোক জীয়াই ৰখাৰ
শব্দৰ মায়াজাল গঠা তোমাৰ প্ৰতিশ্ৰুতি
তুমি জানা
মই সপোন দেখিবলৈ এৰিলো
তথাপিও, তুমি দেখুওৱা
মই দেখিব নোখোজা সপোন
তুমি জানানে?
সপোন ভাঙিলে কেনে লাগে
শব্দৰ মায়াজাল গঠা
তোমাৰ প্ৰতিশ্ৰুতি..ত
এতিয়া..............
?

বেদনাৰ মিঠা মাদকতা • ২১