পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

নিসংগতাৰ পিছত

বহু নিসংগতাৰ পিছত
মই মোৰ প্ৰেমত পৰিলো
মই মোৰ প্ৰেমত পৰাৰ দিনাই
পৃথিৱীখন দেখিবলৈ ঐশ্বৰ্য্যশালী নাৰী হ’ল
ফুলনিখনৰ ফুলবোৰে সুগন্ধি বিলালে
পাৰ দুটিয়ে ৰুণ দিয়া শুনিলো
নীলাভ আকাশখনৰ পৰা
মেঘাচ্ছন্ন ডাৱৰবোৰ আতৰি গ’ল
লঠঙা ডালবোৰে
সেউজীয়া পোছাক পিন্ধিলে
কেতেকীজনীয়ে সুমিষ্ট কণ্ঠৰে
গীত জুৰিলে॥

১৪ • বেদনাৰ মিঠা মাদকতা