পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

আহ্বান

হৃদয়ৰ পৰা হৃদয়লৈ
এখন সেঁতু বান্ধো আহা
য’ত, মানসিক গোন্ধত
এখন বিবেকৰ
পৃথিৱী গঢ়িম
পুৱাৰ ৰৌদ্ৰজালে নুচুমা
শৰাইঘাটৰ তলৰ
চেঙালুটি খাই শুই থকা
শিশুৰ পেটৰ ভোক গুচাম
“সিহতৰ”
মামৰে ধৰি যোৱা গালবোৰত
ফাঁকুগুড়ি সানি দিম
দৰিদ্ৰতাই চিলাই থোৱা
ওঁঠত
গুজি দিম
অ - আ - ক - খ॥

২০ • বেদনাৰ মিঠা মাদকতা