পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অনুভৱত কোন তুমি

 

ৰাতিৰ আকাশত জিলিকি থকা
দুৰৈৰ পৰা
জুমি জুমি চাই থকা
নুবুজা হৃদয়ৰ কথা
কোন তুমি
কেতিয়াবা আহিবাচোন কাষলৈ
বহুতো কথা পাতিম
অকলশৰীয়াকৈ
বুজাব নোৱাৰিম ভাষাৰে
শুনাব নোৱাৰিম মুখেৰে
কিন্তু
যদি তাতে বুজি পোৱা
হ’বা মোৰ লগৰী
চকুৰ ভাষাৰে বুজাম
শত শত কাহিনী
আহিবাচোন এদিন
ৰাতিফুলা শেৱালিক সাক্ষী কৰি
লম পণ গণি গণি
কেতিয়াও নেহেৰুৱা বুলি॥

বেদনাৰ মিঠা মাদকতা • ২