পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৩৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

সৃষ্টিকৰ্তা

দুঃখৰ বোকোচাত উঠি
কিমান দূৰ বাট বুলিম
ত্ৰিশটা বসন্তৰ পোন্ধৰতাই
শেতেলীৰ সংগী
ৰঙীন সপোন কলিতে মৰহিল
আন্ধাৰে আবৰা ভৱিষ্যত
দ’হৈ যোৱা দুখৰ ঘাঁ টুকুৰ
গোন্ধাব লৈছে
দুঃস্বপ্নত উচপখাই উঠো
তন্দ্ৰাবিহীন নিশা
অজান আশংকাত
কঁপি উঠে বুকু
তথাপিও
সৃষ্টিকৰ্তা নিমাত
কিয়??

২৪• বেদনাৰ মিঠা মাদকতা