পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৫৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অভিমান

তুমি কোৱাৰ দৰে
অভিমানৰ জুঁইকুৰা
জ্বলাই ৰাখিব বিচাৰো
মৰমবোৰ পুৰি ছাঁই হ’ব নিদিও
এজাৰবুলীয়া ক্ষণত
দোকোঁহ ভাঙি
উজাই অহা স্মৃতিবোৰে
সোঁৱৰণীৰ দলিচা তৰে
কাজলী কলিজাটো
উক্‌মুকাই উঠে
নিখোজ হব ধৰা
আশা
ওলমি ৰয় দুচকুৰ পতাত॥

৩৬ • বেদনাৰ মিঠা মাদকতা