পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ৰস নাইকিয়া জীয়া বৃক্ষ

মই এডাল
ৰস নাইকিয়া
জীয়া বৃক্ষ
মোৰ ওঁঠত
কুটিল হাঁহি
বাটৰ ভিক্ষাৰীৰ
থালত থকা
খুচুৰা পইচা
কেইটাৰ দৰে
দিনে দিনে
বাঢ়ি অহা
সপোনবোৰ
ফুটপাথৰ ডাষ্টবিনত
পোত খাইছে
মোৰ অলক্ষিতে
মই বেচো
মোৰ মানসিকতা
বজাৰৰ বেপাৰীৰ
হাতত॥

বেদনাৰ মিঠা মাদকতা • ১১