পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৫১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বিষাদ

মোৰ পুৰণা সাজযোৰ
নতুনকৈ খহটা লাগিছিল
নতুনতে কোমল দেহাটোত
পিন্ধিবলৈ কষ্ট হৈছিল
লাহে লাহে পুৰণি হৈ আহোতে
সাজযোৰ
দেহাটোও কোমলৰ পৰা
কঠিন হৈ পৰিল
খহটা অনুভৱ মসৃণ হ’ল
সাজযোৰ হিয়াৰ আমঠু হ’ল
প্ৰতিশ্ৰুতি দিলো
গোপনে.........

৩৪ • বেদনাৰ মিঠা মাদকতা