পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

শব্দৰ মৃত্যু নাই

শব্দই হৃদয় দি হৃদয় লয়
শব্দই কথা কয়
শব্দই হাঁহে
শব্দই শান্ত্বনা দিয়ে
শব্দই প্ৰতিশ্ৰুতি দিয়ে
শব্দই সম্বন্ধ গঢ়ে
শব্দই সপোন দেখুৱায়
শব্দৰ মৃত্যু নাই?
অমৰ??

১০ • বেদনাৰ মিঠা মাদকতা