পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ব্যক্তিগত এষাৰ ....

 জোৱলা বৰা মোৰ মৰমৰ ভাগিন হয়। প্ৰায় দুবছৰ আগতে জোৱলাক লগ পাইছিলো প্ৰথম। জোৱলাৰ প্ৰাণস্পৰ্শী কবিতাবোৰ আৰু হৃদয়ৰ অনুভূতিৰ অত্যুজ্বল ৰঙেৰে আঁকা ছবিবোৰৰ মাজত মই আৱিষ্কাৰ কৰিছিলো দুঃসাহসী, অনুভূতিসম্পন্না, শিল্পীসুলভ মহান সত্ত্বাৰে মহীয়সী একনাৰীৰ অলংকাৰক। অসমৰ স্বনামধন্য সাহিত্যিক শ্ৰদ্ধেয় হোমেন বৰগোহাঞি চাৰৰ অবিৰত প্ৰেৰণা, উপদেশ আৰু মানসিক বৌদ্ধিক চেতনাৰ সংযোগবাণীয়ে জোৱলাক সদায়েই উদ্বুদ্ধ কৰিছিল। কবিতা লিখা আৰু ছবি অংকনৰ প্ৰেৰণা যোগাইছিল। ইয়াৰ ফলশ্ৰুতিতেই জন্ম হ’ল জোৱলাৰ অনুভূতি আৰু শিল্পৰ সমাহাৰ স্বৰূপ “বেদনাৰ মিঠা মাদকতা”ৰ।

 মই প্ৰকাশক অথবা লিখক নহওঁ। কিন্তু গ্ৰন্থ, শিল্প, লিখক আৰু শিল্পীৰ প্ৰতি মোৰ আছে অফুৰন্ত শ্ৰদ্ধা। আৰু আছে এক বৰ্ণনাতীত চেতনাৰ অনুভৱ। সেয়েহে জোৱলাৰ এই ছবি আৰু কবিতাৰ সংকলনটি প্ৰকাশৰ দায়িত্ব মই লৈছিলো। প্ৰকাশনাত মোৰ অনিচ্ছাকৃত ভুল ভ্ৰান্তি হব পাৰে। তাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী। ভুলবোৰ শুধৰাই দিলে কৃতাৰ্থবোধ কৰিম।

 কবিতাপুথিখন প্ৰকাশৰ পৰিকল্পনা, অংগসজ্জা, সম্পাদনা আদি বিভিন্ন দিশত সহায় সহযোগ কৰি ৰাইজৰ সমুখলৈ উলিয়াই অনা বাবে মোৰ ভাতৃপ্ৰতিম তেজপুৰৰ অমৃত বৰগোহাঁইলৈ মোৰ অজস্ৰ ধন্যবাদ আৰু কৃতজ্ঞতা যাচিলো।

 জোৱলাৰ কবিতাপুথিখন প্ৰকাশৰ বাবে আৰম্ভনিৰ পৰা শেষলৈকে মোৰ প্ৰেৰণাৰ উৎস হৈ থকা সহধৰ্মিণী ডাঃ জাহানাৰা বেগম নিশ্চিতভাৱে মোৰ ধন্যবাদৰ পাত্ৰী।

 “জোৱলাবাৰ কিতাপখন সোনকালে প্ৰকাশ নকৰা কিয়” বুলি মোক অনবৰতে হেঁচা দি থকা মোৰ পুত্ৰ সন্তান অংকুৰ, নুপুৰ, ময়ূৰলৈও মোৰ মৰমৰ ধন্যবাদ দিলো।