সমললৈ যাওক

পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পৃথিৱীৰ প্ৰেমত

নৈৰাশ্য আৰু দুঃখবোৰে যেতিয়া
হৃদয়ত এখন ঘৰ সাজে
পৃথিৱী
মই তোমাৰ প্ৰেমত পৰো
বিশাল তোমাৰ জনসমুদ্ৰত
মই এটি বিন্দু
তোমাৰ সান্নিধ্যত
ছিৰাল ফাট দিয়া বুকুখনে
দিক তৰে
সময়ৰ সোঁতত
দুঃখবোৰ ফৰ্মুটিয়াই
সাঁজো বালিঘৰ॥

বেদনাৰ মিঠা মাদকতা • ৫